বিলাসীপাৰাৰ আজৰা-শালমাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তাল পৰিস্থিতি, আহত কেইবাজনো

80

বিলাসীপাৰা আজৰা-শালমাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ। ঠিকাদাৰ সাহাজুল শ্বেখৰ অভিযোগ অনুসৰি গড়কাপ্তানি বিভাগৰ পথছোৱাৰ পৰা নজৰুল হক নামৰ ব্যক্তিজনে সাংগ-পাংগ লগত লৈ বলপূৰ্বকভাৱে ঠিকাদাৰ সাহাজুল শ্বেখৰ তপছিল বৰ্নিত মাটি দি পথ নিৰ্মাণ কৰি থকাত মঙলবাৰে নয়াহাট আৰক্ষীয়ে উক্ত পথ নিৰ্মাণত বিপৰীত পক্ষক বাধা প্ৰদান কৰে।

ইফালে পথ নিৰ্মাণত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে নজৰুল হক, হায়েৰ ভানু, পচা আলী, লাপিদুল হক, মফিদুল হক, ছানেদুল হকে হাতে-হাতে শিল, লাঠি, চোকা অস্ত্ৰ লৈ ঠিকাদাৰ সাহাজুল শ্বেখৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰি সাহাজুল শ্বেখক, তেওঁৰ বৃদ্ধা মাতৃ সাহেৰা বিবি, ভনীয়েক জেলেখা খাতুনৰ লগতে আৰু কেইবা জনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

জানিব পৰা মতে, উক্ত পথ সংক্রান্তত বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ত গোচৰ চলি থকাৰ পিছতো এনে ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত নিশাৰ ভাগত ঠিকাদাৰ সাহাজুল শ্বেখে বিলাসীপাৰা আৰক্ষী নিৱেশত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে যদিও এই মুহূৰ্তলৈকে কোনো লোকক আটক কৰা নাই।