বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড, ৪খনকৈ দোকান ভস্মীভূত

52

বিলাসীপাৰাৰ শান্তি বজাৰত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয়। এই অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ ৪খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে সন্দেহ কৰা মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়। প্ৰথমে এখন গেলামাল দোকানৰ পৰা সূত্ৰপাত হোৱা জুয়ে নিমিষতে সমীপৰ এখন ফাৰ্মাচী, এখন চাহৰ দোকান আৰু এখন বৈদ্যুতিক সামগ্ৰীৰ দোকানো ভস্মীভূত কৰে।