বিলাসীপাৰাত ছাগলী চোৰৰ ভয়ঙ্কৰ সন্ত্ৰাস

238

বিলাসীপাৰাত ছাগলী চোৰৰ ভয়ঙ্কৰ সন্ত্ৰাস। নিতৌ ছাগলি চোৰে অবলম্বন কৰিছে নতুন নতুন কৌশল। পকা ক’ল আৰু পকা আম দেখুৱাই বিলাসী বাহনেৰে ছাগলী চুৰি অব্যাহত ৰাখিছে আধুনিক চোৰে। বিলাসীপাৰাত ছাগলী চোৰৰ উপদ্ৰৱত নিদ্ৰা হৰিছে ৰাইজৰ। নিতৌ বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি হৈছে ছাগলী। আজি বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিলাসী বাহন সহ আটক হৈছে ছাগলী চোৰ। ছাগলী চুৰি কৰাৰ সময়ত স্থানীয় ৰাইজে হাতে লোটে আটক কৰে এজন চোৰক। আন দুজন চোৰে আসন্ন বিপদ ঘন্টা দেখি ঘটনাস্থলীৰ পৰা দৌৰি দৌৰি পলায়ন কৰে। পিছত আটক কৰা চোৰজনক ৰাইজে উত্তম মাধ্যম সোধাই বিলাসীবাহন সহ বিলাসীপাৰা আৰক্ষীক গতাই দিয়ে।