গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা উৰা মৰাৰ কিছু মুহূৰ্তৰ পিছতে দেওবাৰে যাত্ৰীবাহী বিমানত খুন্দা মাৰে চৰাইয়ে। যাৰ ফলত দিল্লী অভিমুখী ইণ্ডিগ’ৰ বিমানখনে পুনৰ গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰে।
জানিব পৰা মতে, যাত্ৰীবাহী বিমানখনত চৰাইয়ে খুন্দা মৰাৰ পিছতে কেবিনৰ প্ৰেচাৰ বিকল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী বিমান বন্দৰত পুনৰ অৱতৰণ কৰিবলগা হয়।
এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, “১৬০০ ফুট উচ্চতাত থকাৰ সময়ত বিমানখনৰ ১ নম্বৰ ইঞ্জিন (ভিটি-আইটিবি) চৰাইৰ খুন্দাত ক্ষতিগ্ৰস্ত হয়। ইয়াৰ পিছত ক্ৰুৱে ‘ইচিএএম’ কাৰ্য্য সম্পাদন কৰে। এক নম্বৰ ইঞ্জিন বন্ধ হৈ যায়। তাৰ পিছত বিমানখন নিৰাপদে গুৱাহাটীত অৱতৰণ কৰে।’’
ইয়াৰ পূৰ্বে দিনটোৰ ভাগত স্পাইচজেটৰ এখন বিমানে পাটনাত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল, চৰাইৰ খুন্দাত ইঞ্জিনত ধোঁৱা আৰু জুইৰ শিখা ধৰা পৰাত।
কেবিন প্ৰেচাৰ বিকল হোৱাৰ বাবে স্পাইচজেটৰ আন এখন বিমান দিল্লী বিমানবন্দৰলৈ উভতি যাবলগীয়া হৈছিল।
স্পাইচজেটৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, প্ৰাৰম্ভিক আৰোহণৰ সময়ত জবলপুৰ অভিমুখী স্পাইচজেট কিউ৪০০ বিমানখনে পৰ্যবেক্ষণ কৰিছিল যে উচ্চতা বৃদ্ধিৰ লগে লগে কেবিনৰ চাপৰ পাৰ্থক্যও গঢ়ি উঠা নাই।