খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ মুৰব্বী অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক বৃহস্পতিবাৰে ব্ৰিটেইনলৈ যোৱাৰ পথত বাধা আৰোপ কৰা হয়। ইয়াৰ পূৰ্বে অমৃতসৰ বিমানবন্দৰত তেওঁক বন্দী কৰি ৰখাৰ খবৰ আহিছিল। অৱশ্যে পঞ্জাৱ আৰক্ষীৰ সৈতে জড়িত এক সূত্ৰই জনোৱা মতে, তেওঁ ইতিমধ্যে আৰক্ষী বিষয়াৰ সৈতে যোগাযোগত আছে আৰু তেওঁক আটক কৰা হোৱা নাই। সূত্ৰটোৱে জনোৱা মতে, কিৰণদ্বীপৰ স্বামীৰ পটভূমি বিবেচনা কৰি কেৱল সোধা-পোছাৰ বাবেই ইমিগ্ৰেচন বিষয়াসকলে তেওঁক ৰখাইছিল।
ইয়াৰ পূৰ্বে কিৰণদ্বীপ কৌৰে আৰক্ষীক জেৰাৰ সময়ত জনাইছিল যে তেওঁ অমৃতপালৰ সৈতে যোগাযোগ কৰিব পৰা নাই। উল্লেখযোগ্য যে, অমৃতপালৰ পত্নী ব্ৰিটেইনৰ নাগৰিক আৰু তেওঁ লণ্ডনলৈ যাবলৈ ওলাইছিল, তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ ৰুজু হোৱা নাই।
চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত ব্ৰিটেইনত বাস কৰা প্ৰবাসী ভাৰতীয় কিৰণদ্বীপ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় অমৃতপাল সিঙে। জল্লুপুৰ খেড়াৰ জন্ম গাঁও অমৃতপাল সিংৰ অতি গোপনে দুয়োৰে বিবাহ সম্পন্ন কৰা হৈছিল। জানিব পৰা মতে কিৰণদ্বীপৰ পৰিয়ালটো জলন্ধাৰৰ।
