বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দললৈ আগমন ঘটিছে বিভিন্ন দলৰ যুৱ শক্তিৰ। শুকুৰবাৰে নগাঁৱত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত।ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ যিমানে চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে। নগাঁৱৰ সদৰ সমষ্টিৰ নগাওঁ পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয় সঞ্জয় ভৱনত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ গৰাকী যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিৰোধী দল কংগ্রেছত।নগাঁওস্থিত সদৰ ব্লক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বিশেষ যোগদান সভাত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা সহিতে কংগ্ৰেছৰ কৰ্মীসকল উপস্থিত থাকে।
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...