বিভাগীয় শাৰীৰিক সুস্থতা পৰীক্ষাৰ সময়ত ডিমা হাচাও জিলাৰ হাফলং বন বিভাগৰ এজন বন কৰ্মচাৰীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে শোকৰ সৃষ্টি কৰিছে।
মৃত বন কৰ্মচাৰীজন ব্ৰিজেশ থাওছেন বুলি জানিব পৰা গৈছে। ডিমা হাচাওৰ ডিগ্ৰিক গাঁৱৰ বাসিন্দা থাওছেন হাফলং বন বিভাগত বন কৰ্মী হিচাপে নিযুক্ত আছিল।
মঙ্গলবাৰে বিভাগটোৰ শাৰীৰিক সুস্থতা পৰীক্ষাৰ সময়ত খোজ কাঢ়ি যোৱাৰ কিছু সময় পিছতে থাওছেন মাটিত বাগৰি পৰে আৰু মৃত্যুক আঁকোৱালি লয়। বনকৰ্মীজনৰ মৃতদেহ বর্তমান হাফলং অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, সকলো আগশাৰীৰ কৰ্মচাৰী, যেনে- বনৰক্ষী, বনকৰ্মী, ডেপুটি ৰেঞ্জাৰ, ৰেঞ্জাৰ, আৰু এচিএফ বিভাগীয় শাৰীৰিক সুস্থতা পৰীক্ষাৰ সন্মুখীন হোৱাটো বাধ্যতামূলক কৰা হৈছে।
মঙ্গলবাৰে অনুষ্ঠিত এই শাৰীৰিক সুস্থতা পৰীক্ষাটোত হাফলং পৰিষদৰ ৰ’টাৰীৰ পৰা বড়ো হাফলং ভিউ পইণ্টলৈ ৭ কিলোমিটাৰ পথ খোজ কাঢ়িব লাগিছিল বনকৰ্মী আৰু বিষয়া সকলে।
