বিফল হৈছে মোদীৰ বিমুদ্ৰাকৰণ নীতি, দেশত ২০০০ টকীয়া নকল নোটৰ বৃহৎ ভাণ্ডাৰ…

114

ডিজিটেল ডেস্কঃ বিফল হৈছে প্ৰধানমন্ত্ৰী মোডীৰ বিমুদ্ৰাকৰণ নীতি। ২০১৬ চনত মোডীয়ে বিমুদ্ৰাকৰণ ঘটাই দেশত নকল টকাৰ প্ৰচলন বন্ধ কৰাৰ লগতে ক’লা ধন উভতাই অনা হ’ব বুলি দাবী কৰিছিল। নকল টকাৰ প্ৰচলন বন্ধ কৰাৰ উদ্দেশ্যে মোডীয়ে পূৰ্বৰ ১০০০ টকীয়া নোট বন্ধ কৰি ২০০০ টকীয়া নোটৰ প্ৰচলনো আৰম্ভ কৰিছিল। কিন্তু বিমুদ্ৰাকৰণৰ পিছত প্ৰধানমন্ত্ৰীৰ দাবী মিছা পৰিণত হ’ল। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য অনুসৰি দেশত নকল টকাৰ প্ৰচলন হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি হে হৈছে।

দ্য হিন্দুৰ এক বাতৰি অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জব্দ হোৱা নকল টকাৰ অধিক সংখ্যকেই হৈছে ২০০০ টকীয়া নোট। তথ্য অনুসৰি ২০১৮ চনতকৈ ২০১৯ চনত নকল টকাৰ প্ৰচলন বৃদ্ধি পাইছে।

ইফালে এনচিআৰবিৰ তথ্য অনুসৰি, ২০১৯ চনত দেশত মুঠ ২৫.২৩ কোটি ভাৰতীয় টকাৰ নকল নোট জব্দ কৰা হৈছিল। ২০১৮ চনত এই সংখ্যা আছিল মাত্ৰ ১৭.৯৫ কোটি। চৰকাৰী তথ্য অনুসৰি, ২০১৯ বৰ্ষত দেশত মুঠ ৯০,৫৬৬ নকল টকাৰ ২০০০ টকীয়া নোট জব্দ কৰা হৈছিল। ইয়াৰে গুজৰাট, কৰ্ণাটক আৰু পশ্চিম বংগতে সৰ্বাধিক নকল নোট জব্দ কৰা হৈছিল বুলিও চৰকাৰী তথ্যত প্ৰকাশ।