বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

354

আৰক্ষীৰ ওচৰত ন্যায় নাপাই আত্মহত্যা কৰা ডিব্ৰুগড়ৰ শনি মন্দিৰ পথৰ নিবাসী বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে পৰিয়াল বৰ্গৰ লগত প্ৰায় আধা ঘন্টা ধৰি পৰিয়ালৰ অভিযোগ শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা প্ৰশাসন সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰিছিল আৰু আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হব বুলিও কৈছিল আৰু ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বোলাৰাম টেৰাংক ততকালিন ভাবে শাস্তিমূলক বদলি কৰাৰ বিপৰীতে ডিব্ৰুগড় সদৰৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়ে যোৰহাটৰ ৰাজু ছেত্ৰীক। কিন্তু সচেতন ৰাইজে উল্লেখ কৰে যে যিহেতু কেৱল মাত্ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক গাত ভূল নাছিল এক কথাত কৱলৈ গলে সম্পূৰ্ণ ৰূপে জিলা আৰক্ষী অধীক্ষক গৰাকীৰ গাটো সিমানে ভুল আছিল তেনেক্ষেত্ৰত কেৱল মাত্ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক বদলি কৰি দায়িত্ব সামৰাৰ কৌশল কৰিছে নেকি?সেয়া এক ডাঙৰ প্ৰশ্ন।