বিনীতি বাগাৰিয়া আত্মহত্যা গোচৰঃ অভিযুক্ত বৈদুল্লা আৰু চামচুল্লা খানৰ বাসগৃহত বুলডোজাৰ জিলা প্ৰশাসনৰ

143

ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰৰ মূল অভিযুক্ত বৈদুল্লা খান আৰু চামচুল্লা খানৰ বাসগৃহত বুলডোজাৰ চলালে জিলা প্ৰশাসনে।

লাহোৱালৰ ঘোৰামৰাত বৈদুল্লা খানে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ ভাঙি পেলায় ডিব্ৰুগড় প্ৰশাসনে।

খবৰ অনুসৰি বৈদুল্লা খান এজন আফগান নাগৰিক আৰু ৭০ৰ দশকত অসমলৈ আহিছিল।

এন আৰ চিতো তেওঁৰ নাম নাই বুলিও বাতৰি প্ৰকাশ পাইছে।

লগতে আন এজন অভিযুক্ত চামচুল্লা খানৰ ঘৰটোও অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে প্ৰশাসনে ভাঙি পেলায়।

উল্লেখ কৰিব পাৰি যে সোমবাৰে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলোৰাম তেৰাংক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ পিছতে।

যোৱা শনিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বাগিৰায়াৰ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি কর্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়াৰ পাছতে এই ঘটনা সংঘটিত হৈছে৷

আনহাতে, যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীক বদলি কৰা হৈছে আৰু তেওঁ ডিব্ৰুগড় থানাৰ দায়িত্ব প্ৰদান কৰা হৈছে।