ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন ভাৰতীয় স্প্ৰিণ্টাৰ পিটি ঊষা।
নিৰ্বাচনত শীৰ্ষ পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৫৮ বছৰীয়া ক্ৰীড়াবিদ গৰাকী।
উল্লেখ্য যে, ভাৰতীয় অলিম্পিক সংস্থাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী অলিম্পিয়ান আৰু প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী হৈছে পিটি ঊষা।
উচ্চতম ন্যায়ালয়ৰ নিযুক্তিপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ তত্বাৱধানত নিৰ্বাচন অনুষ্ঠিত হয়।