বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে বিশ্বজিৎ দৈমাৰী।খালী হোৱা ৰাজ্যসভাৰ আসনৰ বাবে ১৫ ফেব্ৰুৱাৰীত তেওঁ দাখিল কৰিছিল মনোনয়ন। ২০২০ চনৰ নবেম্বৰ মাহত বিজেপিত যোগদান কৰাৰ পিছত দৈমাৰীয়ে পদত্যাগ কৰিছিল ৰাজ্যসভাৰ পৰা। অসমৰ একমাত্ৰ খালী আসন খনৰ বাবে এজনেই আছিল প্ৰাৰ্থী। আন কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাত তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত আছিল।