বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বান্দন সোনোৱাল। বিৰোধীয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ পৰিপ্ৰেক্ষিতত নিষ্কণ্টকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত হয় সোনোৱাল।
সোমবাৰে তেওঁ দিচপুৰৰ অসম বিধানসভা সচিবালয়ৰ পৰা বিজয়ীৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে। এই সময়ছোৱাত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা আৰু অন্যান্য বিজেপি নেতাসকল।
সোণোৱালে অসম বিধান সভাৰ সকলো সদস্য আৰু ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ২১ ছেপ্টেম্বৰত ৰাজ্যিক বিধানসভাত মনোনয়ন দাখিল কৰিছিল।
তেওঁক ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হৈছিল। ২০১৬ চনত সোণোৱালে মাজুলী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল, আৰু তেওঁ বিজেপিৰ পৰা ৰাজ্যখনৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছিল।
২০২১ চনত তেওঁ মাজুলীৰ পৰা অসম বিধান সভালৈ পুনৰ নিৰ্বাচিত হয়। তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।
