ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ পাধাম চহৰত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ’ল শিশুসহ একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যই।
ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
জানিব পৰা মতে, পাধাম চহৰৰ ৰমন প্ৰকাশ নামৰ ব্যক্তিজনৰ দুমহলীয়া অট্টালিকাটোত সংঘটিত হয় এই অগ্নিকাণ্ড।
পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ দীৰ্ঘসময় চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
এই অগ্নিকাণ্ডত নিহত সকলৰ ভিতৰত আছে এটি তিনিমহীয়া শিশুসহ তিনিটা শিশু।
অগ্নিকাণ্ডত নিহত সকলক ৰমন প্ৰকাশৰ পুত্ৰ মনোজ কুমাৰ, মনোজৰ পত্নী নীৰজ, পুত্ৰ হৰ্ষ আৰু ভাৰত, ৰমন প্ৰকাশৰ কনিষ্ঠ পুত্ৰ নীতিনৰ পত্নী শিৱানী আৰু তেওঁলোকৰ তিনিমহীয়া কন্যা তেজস্বী বুলি চিনাক্ত কৰা হৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, অগ্নিকাণ্ডত আটাই কেইজনৰে শৰীৰ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ পৰাত চিনাক্ত কৰাতো অসুবিধাৰ সৃষ্টি হৈছিল।
ৰমন প্ৰকাশৰ ঘৰত থকা ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছিল।
পুৱা অগ্নিদগ্ধ অট্টালিকাটোৰ পৰা নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে।
