বিধায়ক শ্বেৰমান আলীৰ ভাবুকিয়ে কাম নিদিলে বাঘবৰত: চলিল উচ্ছেদ অভিযান

114

বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ ভাবুকিয়ে কাম নিদিলে বাঘবৰ সমষ্টিত। বৰপৱতা সত্ৰৰ বেদখলীকৃত ভূমিত অৱশেষত উচ্ছেদে অভিযান আৰম্ভ কৰিলে প্ৰশাসনে। বৰপেটা জিলা প্ৰশাসন, বাঘবৰ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু চিআৰপিএফৰ সহযোগত বাঘবৰৰ ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে আজি প্ৰশাসনে চলায় উচ্ছেদ অভিযান ৷

উল্লেখ্য যে,বাঘবৰৰ ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ বেদখলীকৃত ভূমিত উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি উচ্ছেদৰ পক্ষত থকাসকলৰ ওপৰত চৰম প্ৰতিশোধ লোৱাৰ সকীয়নি প্ৰদান কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে। বিধায়কজনৰ এনে ভাবুকিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই প্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ মাজতেই আজি বৰপেটা সত্ৰৰ বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷

ইতিমধ্যে ৩৭ টা পৰিয়ালে বেদখল কৰা সত্ৰৰ ভূমিত উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ৷ ৩৭ টা পৰিয়ালৰ ভিতৰত ১৭ টা পৰিয়ালে ঘৰ-দুৱাৰ বান্ধি নিগাজীকৈ বাস কৰাৰ লগতে আন পৰিয়ালসমূহে বৃহৎ বৃহৎ পুখুৰী খান্দি সত্ৰৰ ভূমি বেদখল কৰিছিল৷ কেইবাটাও পৰিয়ালে ইতিমধ্যে নিজৰ ঘৰ-দুৱাৰ ভাঙি নিছে যদিও আন কেইবাটাও পৰিয়ালে আজি ঘৰ দুৱাৰ ভাঙি সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাবলৈ লৈছে ৷

ইপিনে মন্দিয়াত থকা আন এখন সত্ৰৰ ভূমিতো আজি চলিব উচ্ছেদ অভিযান৷ মন্দিয়াৰ মহাপুৰুষীয়া সত্ৰৰ ভূমিত চলা বেদখল মুক্ত কৰাৰ বাবেও উচ্ছেদ অভিযান চলিব মন্দিয়াত৷
আনহাতে বাঘবৰৰ ৩ নং বৰদলনি গাঁৱৰ শ্মশানৰ ভূমিত চলা বেদখল উচ্ছেদৰ বাবেও অভিযান চলাব প্ৰশাসনে৷ বাঘবৰৰ ৰাজহ চক্ৰ বিষয়াই জনোৱা মতে, স্থানীয় লোকে সহযোগ কৰিছে প্ৰশাসনক ৷

উচ্ছেদ অভিযান সম্পৰ্কে ৰাজহ চক্ৰ বিষয়াৰ মন্তব্য- উচ্ছেদ পূৰ্বতেও হৈছে, বৰ্তমানেও চলি আছে আৰু উচ্ছেদ অভিযান চলি থাকিব ৷ ইপিনে আজিয়েই বৰপেটা সত্ৰক ১নং বৰদলনিৰ বেদখলমুক্ত ভূমি চমজাই দিলে প্ৰশাসনে ৷ বৰপেটা সত্ৰৰ তৰফৰ পৰা চৰকাৰ আৰু প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে ৷ আজি বৰপেটা সত্ৰই উচ্ছেদিত ভূমিসমূহৰ চৌপাশে খুঁটা পুতি চমজি ল’ব৷