গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লুইজিনহো ফালেৰিঅ’ই বিধায়ক পদৰ পৰা পদত্যাগ কৰে। তেওঁ সোমবাৰে গোৱা বিধানসভাৰ অধ্যক্ষৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পদত্যাগ কৰাৰ পিছত, তেওঁ মমতা বেনাৰ্জীৰ উচ্চ প্ৰশংসা কৰি কয়, “গোৱাই মমতাক বিচাৰে।” আৰু ইয়াতেই তেওঁৰ দলত্যাগৰ আভাস অধিক স্পষ্ট হৈ পৰে।
লুইজিনহো ফালেৰিঅ’ই কয়, “নাভালিন অঞ্চলৰ লোকসকলক বহুত ধন্যবাদ। তেওঁলোকে মোৰ ওপৰত বিশ্বাস ৰাখিছে। মই ভৱিষ্যতেও তেওঁলোকৰ বাবে কাম কৰিম।” একে সময়তে, গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মমতা হৈছে মহিলা উন্নয়নৰ কান্দাৰী। তেওঁ এগৰাকী ষ্ট্ৰীটফাইটাৰ। গোৱাত তেওঁৰ প্ৰয়োজন। মমতাই একাধিক বিৰোধী শক্তিৰ বিৰুদ্ধে যুঁজ দি আছে। তেওঁ বিজেপিক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে। মই মমতাক গোৱালৈ আহি দায়িত্ব ল’বলৈ অনুৰোধ কৰিম।” তেওঁ নিজৰ বিষয়ে কয়, ‘মই এজন প্ৰবীণ কিন্তু এতিয়াও মোৰ শৰীৰত সতেজ তেজ প্ৰবাহিত হৈ আছে। ‘
প্ৰবীণ ৰাজনীতিবিদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা লুইজিনহো ফালেৰিঅ’ গোৱাৰ নাভেলিম সমষ্টিৰ পৰা সাতবাৰ বিধায়ক পদত জয়ী হৈছে। তেওঁ দুবাৰৰ মুখ্যমন্ত্ৰীও আছিল। তেওঁ ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যত কংগ্ৰেছৰ দায়িত্বত আছিল। ইয়াৰ পূৰ্বে, ফালেৰিঅ’ই আন ৰাজ্যসমূহত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এনে এজন কংগ্ৰেছ নেতাৰ দলত্যাগৰ খবৰে গোৱাত এক আলোড়নৰ সৃষ্টি কৰিছে।
