মাতৃহাৰা হল নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ।
দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিধায়কগৰাকীৰ মাতৃ শশীপ্ৰভা গগৈয়ে। নাহৰকটীয়াৰ বাসগৃহত মন্ত্ৰী বিমল বৰাই নশ্বৰদেহত শেষ শ্রদ্ধা জনায়।
ইফালে সতীৰ্থ বিধায়ক গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
