বিধায়কৰূপে প্ৰথম প্ৰতিক্ৰিয়া অখিল গগৈৰ, কি ক’লে-

72

আজি বিধানসভাৰ মজিয়াত বিধায়কৰ শপত লব অখিল গগৈয়ে। কাৰাবন্দী হৈ থাকিয়েই শিৱসাগৰ সমষ্টিৰ পৰা বিশাল ভোটত জয়লাভ কৰি অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰা অখিল গগৈ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিধানসভালৈ লৈ যোৱা হয়।

আৰক্ষী আৰু চিকিৎসকৰ দলৰ মাজত ডিঙিত গামোচা লৈ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা ওলাই আহে নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰ সৈতে সামান্য মত বিনিময় কৰাৰ পিছত তেওঁক নিৰাপত্তাবেষ্টনীৰ মাজেৰে বাছত উঠাই বিধানসভালৈ লৈ যোৱা হয়।

বিধায়ক হিচাপে প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে শিৱসাগৰত উন্নয়নৰ ধাৰা অটুত থাকিব। উল্লেখ্য যে, বিধানসভাত শপত গ্ৰহণৰ অন্তত অখিল গগৈক পুনৰ জিএমচিএইছলৈ উভতাই অনা হব। অসুস্থতাৰ বাবে চিকিৎসা চলি আছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ।