এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
এগৰাকী যুৱতীক অপহৰণ কৰি শাৰিৰীক-মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ চেঙা সমষ্টিৰ বিধায়কজনৰ বিৰুদ্ধে।
বিধায়ক হুছেইনে বৰপেটাৰ এগৰাকী ছোৱালীক অপহৰণ কৰাত তেওঁৰে বন্ধু ৰিতুল হুছেইনক প্ৰত্যেক্ষভাৱে সহায় কৰা বুলি অভিযোগ আনিছে ছোৱালীগৰাকীৰ পৰিয়ালৰ লোকে।
এই ঘটনাৰ পিছতে যুৱতীগৰাকী তথা পৰিয়ালৰ লোকে বৰপেটা আৰু দিছপুৰ থানাত পৃথকে-পৃথকে দাখিল কৰিছে এজাহাৰ।
এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ঘটনাটো সঠিকৰূপত তদন্ত নকৰাৰ অভিযোগ আনিছে পৰিয়ালে।
বৰ্তমান যুৱতীগৰাকী পিতৃ গৃহত আছে যদিও এই ঘটনাত নাম সাঙোৰ খোৱা বিধায়ক আশ্ৰাফুল হুছেইন এগৰাকী জনপ্ৰতিনিধি হৈ এনেদৰে লাভ জেহাদত উচটনি দিয়া কাৰ্যৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ অনুৰোধ জনাইছে দুৰ্ভোগীয়া পৰিয়ালটোৱে।
ৰিতুল এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী বুলিও যুৱতীগৰাকীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।
ইফালে বৰপেটাত থকা মাতৃৰ লগতে যুৱতীগৰাকীক ৰিতুলে বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি প্ৰদান কৰি আছে বুলি এজাহাৰত উল্লেখ কৰে।
উল্লেখ্য যে, এই ঘটনাক লৈ বিজেপি বিধায়ক দিগন্ত কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কলেজলৈ অহাৰ পিছতেই অৰ্থাত যোৱা বছৰৰ ১৯ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল ছোৱালীগৰাকী।
ইয়াৰ পিছতে ২০/৭/২০২২ত নিৰুদ্দেশ সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। নিৰুদ্দেশ হোৱাৰ ৪৫ দিনৰ পিছত ছোৱালীজনী উদ্ধাৰ হৈছিল।
ছোৱালীগৰাকীক ২৫ আগষ্টত ৰিতুল হুছেইনে গুৱাহাটীলৈ আনি আশ্ৰাফুলৰ বিধায়ক আৱাসত দুদিন ৰাখিছিল। ইয়াৰ পিছত বিধায়ক আশ্ৰাফুলে টিকট কাটি ডিমাপুৰলৈ পঠিয়াইছিল বুলিও মন্তব্য কৰে বিধায়ক কলিতাই।
এতিয়া এই ঘটনাৰ তদন্ত কৰিবলৈ বিধায়ক কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছে।