বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তত আচাৰ্য সকলৰ বাবে ‘গুৰুশালা’ৰ দ্বাৰা অনলাইন প্ৰশিক্ষণ সম্পন্ন

54

গুৱাহাটী:- বিদ্যা ভাৰতী উত্তৰ অসম প্ৰান্তৰ শিক্ষকসকলৰ বাবে গুৰুশালাই ৪টা পৰ্যায় (১১-১২, ১৩-১৪, ১৮-১৯ আৰু ২০-২১ আগষ্ট ২০২)ত অনলাইন শিক্ষক প্ৰশিক্ষণৰ আয়োজন কৰে৷ এই ৪ পৰ্যায়ৰ প্ৰশিক্ষণত ৩,০০০ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ লয়৷ শিক্ষকসকলক উৎসাহী কৰিবলৈ শিশু শিক্ষা সমিতি, অসমৰ মহামন্ত্ৰী কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ব্ৰহ্মাজী ৰাও, সহ সংগঠন মন্ত্ৰী ডা০ পৱন তিৱাৰী তথা উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী হেমন্ত ধীং মজুমদাৰে নিজৰ পথ প্ৰদৰ্শন কৰে৷ প্ৰশিক্ষণৰ অন্তিম দিনা অৰ্থাৎ ২১ আগষ্ট, ২০২০ত অনলাইন প্ৰশিক্ষণত অসমৰ ৰাজ্যিক শিক্ষা মন্ত্ৰী শ্ৰী ভৱেশ কলিতা আৰু টাইমছ এইট নিউজৰ সম্পাদক দিক্ষীত শৰ্মাই শিক্ষক সকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় আৰু বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি, অসমৰ সহযোগী প্ৰান্ত মুখ্য প্ৰচাৰক শ্ৰী শৈলেন্দ্ৰ পাণ্ডেয়ে কৃতজ্ঞতাৰ শৰাই আগবঢ়ায়৷

উল্লেখ্য যে, ইণ্ডাছ টাৱাৰ্ছ লিমিটেড আৰু ভোডাফোন ইণ্ডিয়া ফাউণ্ডেছনৰ সহযোগিতাতে আৰম্ভ হৈছে গুৰুশালাৰ আৰু এই কাৰ্যক্ৰমক প্ৰথমে এডুকেশ্যন ফাউণ্ডেশ্যনৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে৷ গুৰুশালাই ছাত্ৰসকলৰ শৈক্ষিক পদ্ধতিত সংশোধন আৰু সমগ্ৰ বিকাশৰ বাবে প্ৰয়োজনীয় কৌশল আৰু নবীন শিক্ষকৰ দ্বাৰা তাৰ ব্যৱহাৰৰ বাবে শিক্ষকসকলক সক্ষমৰূপে গঢ়ি তোলাৰ উদ্দেশ্যৰে কাম কৰি আহিছে৷ কোভিড-১৯ৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত গুৰুশালাই অনলাইন আৰু উপযোগীভাৱে পাঠদান কৰাৰ ক্ষেত্ৰত শিক্ষকসকলক সহায় আগবঢ়োৱাৰ বাবে সাপ্তাহিকভাৱে অনলাইনৰ মাধ্যমেৰে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ এই মহামাৰীৰ কালছোৱাত অনলাইন শিক্ষণৰ সময়ত কন্টেন্ট নিৰ্মাণ, পৰিযোজনা শিক্ষণ, ছাত্ৰ-ছাত্ৰীৰ সামাজিক ভাৱভংগীৰ বিকাশ আদি বিষয়ক প্ৰশিক্ষণৰ বিষয় হিচাপে লোৱা হৈছে৷ গুৰুশালা হৈছে এক অনলাইন প্লেটফৰ্ম, য’ত ২৫ হাজাৰৰো অধিক শিক্ষক আছে আৰু গুৰুশালাই বিভিন্ন বিষয় আৰু শ্ৰেণীকোঠাৰ কিতাপৰ বিষয়ে বিনামূলীয়কৈ অনলাইন পাঠদান গ্ৰহণৰ সুবিধা প্ৰদান কৰি আহিছে৷