বিদ্যালয়ৰ শ্ৰেণীকোঠাত আঁৰিব লাগিব সকলো শিক্ষকৰ ফটোঃ নিৰ্দেশ চৰকাৰৰ

138

ৰাজ্যৰ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত লগাব লাগিব সকলো শিক্ষকৰ ফটেো। এই নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰে।

বিগত ১৭ আগষ্ট তাৰিখে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে জাৰি হোৱা এক নিৰ্দেশনাত ৰাজ্যৰ সকলো বিদ্যালয় পৰিদৰ্শকসকলক তেওঁলোকৰ পৰিসীমাৰ ভিতৰত পৰা বিদ্যালয়সমূহৰ মুৰব্বীসকলক শ্ৰেণীকোঠাত শিক্ষকসকলৰ উত্তম মানদণ্ডৰ চিত্ৰ লগাবলৈ নিৰ্দেশ দিয়ে।

মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে দেশৰ এক আগশাৰীৰ সংবাদ মাধ্যম সংস্থা এএনআইক জনোৱা অনুসৰি, এই নিৰ্দেশ সকলো উচ্চ বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত প্ৰযোজ্য হ’ব।

জানিব পৰা মতে, এই পদক্ষেপৰ আঁৰৰ উদ্দেশ্য হৈছে শিক্ষক আৰু অভিভাৱকৰ মাজত স্বচ্ছতা অনা। যদি, অভিভাৱকে শিক্ষকসকলক লগ কৰিব বিচাৰে আৰু তেওঁলোকৰ সন্তান সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিব বিচাৰে তেন্তে তেওঁলোকে শিক্ষকসকলক সঠিকভাৱে নজনালৈকে সেইটো কৰিব নোৱাৰে।