বিদ্যালয় চৌহদত খেলি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত ছাত্ৰ…

285

ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণৰ বিদ্যালয়ত শনিবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আজি পুৱা বাপুজী হাইস্কুলৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।

বিদ্যালয় চৌহদৰ ভিতৰত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ পৰে চাহিল নৱাৰ নামৰ ছাত্ৰজন।

জানিব পৰা মতে, ছাত্ৰজনে বিদ্যালয়ৰ খেলপথাৰত খেলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

ইফালে পৰিয়ালৰ লোকে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা গাফিলতিৰ অভিযোগ তুলি আহত শিশুটিৰ চিকিৎসাৰ খৰচ বহন কৰিবলৈ দাবী জনাইছে।

স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছে বুলিও সূত্ৰই জানিবলৈ দিয়ে।