বিদ্যালয় একত্ৰিকৰণ কৰিলে আমি পঢ়া-শুনা এৰিম!

182

বিদ্যালয় একত্ৰিকৰণ কৰিলে আমি পঢ়া-শুনা এৰিম!

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান বিদ্যালয় একত্ৰিতকৰণ নকৰিব, তেনে কৰিলে আমি বহু কষ্টৰ সন্মুখীন হম ৷

চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে বিদ্যালয়খন শিক্ষা এৰি দিয়াৰ হুংকাৰ ছাত্ৰ ছাত্ৰীৰ ৷

উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কালাতলী পথাৰস্থিত কালাতলী আঞ্চলিক হাই স্কুলখন টপাৰ পথাৰৰ জাকিৰ হুছেইন হাইস্কুলৰ লগত একত্ৰিকৰণ কৰাৰ খবৰ লাভ কৰিয়েই ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থী৷
শিক্ষাৰ্থী সকলে বিদ্যালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয় একত্ৰিকৰণ নচলিব, শিক্ষা আমাক লাগিবই, বিদ্যালয়খন ইয়াতে থাকিব লাগিব বুলি শ্লোগান দিয়ে৷ ইপিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আবেগিক হৈ পৰে ৷
শিক্ষাৰ্থী সকলে  কয় যে, আমাৰ এই বৃহত্তৰ অঞ্চলত এখন হাই স্কুল আছে৷ যদি এইখনো নাথাকে তেন্তে আমাৰ শিক্ষাগ্ৰহণ কৰা নহব৷ শিক্ষা এৰিব লাগিব আমি৷ কিয়নো প্ৰতিদিন প্ৰায় ২০ কিলোমিটাৰ অহা যোৱা কৰি আমাৰ দৰে দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰা অসম্ভ ৷

উল্লেখ্য যে প্ৰায় ত্ৰিশ বছৰ পূৰ্বে স্থাপন কৰা বিদ্যালয়খন দহ কিলোমিটাৰ দুৰত থকা আন এখন হাই স্কুলৰ লগত একত্ৰিকৰণকলৈ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ লগতে স্থানীয় মুৰব্বী সকলেও প্ৰতিবাদমূখৰ হৈ পৰিছে৷

ইপিনে প্ৰতিবছৰে ভাল ফলাফল দেখুৱা তথা বৰ্তমান প্ৰায় ডেৰ শতাধিত ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন কিহৰ ভিত্তিত চৰকাৰে অন্য বিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰিলে সেয়া চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে ভুক্তভোগী শিক্ষাৰ্থী সকলে ৷