বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পিছতে অসুস্থ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী…

49

এজন বিষয়াই জনোৱা মতে, শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সাংগলীৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰি ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে।

এজন শিক্ষা বিষয়াই কয় যে, “ছাত্ৰ-ছাত্ৰীসকলে পেটৰ বিষ আৰু বমি হোৱাৰ অভিযোগ কৰিছিল, আৰু বহুতে বমি কৰিছিল।এটা শিশু এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে।”

বিষয়াগৰাকীয়ে লগতে কয় যে আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় পাকঘৰত এই খাদ্য প্ৰস্তুত কৰা হৈছে।

ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে।