সমগ্ৰ ৰাজ্যখনকে ব্যাপক গৰমৰ জোৱাৰে আগুৰি ধৰাৰ সময়তে শনিবাৰে পুৱা বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ সময়ত অজ্ঞান হৈ পৰে বিশ্বনাথৰ ফখৰুদ্দিন আলী আহমেদ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী।
সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰাৰ্থনাৰ সময়ত গৰম সহ্য কৰিব নোৱাৰি অজ্ঞান হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল। জানিব পৰা মতে, ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীক বিশ্বনাথ ঘাট চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
খবৰ অনুসৰি সম্প্ৰতি আটাইকেইজন ছাত্ৰ-ছাত্ৰী বিপদৰ পৰা আঁতৰি আছে। কিন্তু গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ বাবে অভিভাৱকসকলৰ মাজত শংকা বৃদ্ধি পাইছে।
