বিদেশৰ পৰা ধন লৈ মাদ্ৰাছাৰ জৰিয়তে ধৰ্মান্তৰকৰণৰ নেটৱৰ্ক গঢ়ি তোলা মৌলানাক গ্ৰেপ্তাৰ

73

উত্তৰ প্ৰদেশ এটিএছে অবৈধ ধৰ্মান্তৰকৰণৰ বাবে বিদেশৰ পৰা হাৱালাৰ জৰিয়তে ধন সংগ্ৰহৰ অভিযোগত মৌলানা কলিম চিদ্দিকীক গ্ৰেপ্তাৰ কৰিছে৷ এটিএছৰ মতে, সমগ্ৰ দেশৰ কেইবাটাও মাদ্ৰাছাক পুঁজি যোগান ধৰি ধৰ্মান্তৰকৰণৰ অবৈধ নেটৱৰ্ক সৃষ্টি কৰিছিল এইজন মৌলানাই৷ মৌলানা কলিমক জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতত হাজিৰ কৰোৱা হয়। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইউপিএটিএছৰ ছয়টা দল গঠন কৰা হৈছে।

বাতৰি অনুসৰি, মৌলানা কলিম মূলতঃ মুজাফ্ফৰনগৰৰ ফুলতৰ আৰু ইয়াত থকা মাদ্ৰাছাত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। মিৰাট মহাবিদ্যালয়ৰ পৰা বিএছচি আৰু পিএমটি প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত, তেওঁ ইছলামিক সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত এমবিবিএছ কৰাৰ পৰিৱৰ্তে লক্ষ্ণৌৰ দাৰুল উলুম নাদভাতুল উলমাত যোগদান কৰিছিল। এটিএছৰ মতে, মৌলানাজনে বিদেশৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি মাদ্ৰাছা সমূহৰ জৰিয়তে ধৰ্মান্তৰকৰণৰ এক নেটৱৰ্ক গঢ়ি তুলিছিল।