বিদায় বার্চিলোনা: সংবাদ মেলত উচুপি উঠিল ফুটবলাৰ চুপাৰষ্টাৰ মেছি

186

বার্চিলোনাৰ সৈতে থকা দুই দশক জোৰা সম্পৰ্কৰ অৱসান ঘটাই আবেগিক হৈ পৰিল ফুটবলৰ কিংবদন্তি তাৰকা লিঅনেল মেছি।

উল্লেখ্য যে, বার্চিলোনাৰ জুনিয়ৰ ক্লাবৰ সৈতে ২১ বছৰীয়া মধুৰ সম্পর্ক আছিল মেছিৰ। কিন্তু লা–লিগাৰ কঠোৰ বিত্তীয় নীতি–নিয়মৰ হেঁচাত তেওঁ এই সম্পৰ্কৰ অন্ত পেলাবলগা হয়। বার্চিলোনাক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ অনুষ্ঠানত আবেগিক হৈ পৰা দেখা যায় ফুটবলাৰগৰাকীক।

দেওবাৰে বার্চিলোনাৰ হৈ অন্তিমখন সংবাদমেল সম্বোধন কৰে মেছিয়ে। সংবাদমেলত মেছিয়ে পুৰণা স্মৃতি সুৱৰি আৱেগিকবিহ্বল হৈ পৰে।