বিতৰ্ক তুংগত, ভোট বিচাৰি চীন-ভাৰতক লৈ ৰাজনীতি ডোনাল্ড-বিডেনৰ

75

ডিজিটেল ডেস্কঃ ৩ নৱেম্বৰত নিৰ্বাচন। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত সমগ্ৰ বিশ্বৰে চকু। বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰখনৰ ক্ষমতা কাৰ হাতলৈ যাব তাক লৈ সৰৱ চৰ্চা চলিছে। এফালে যদি এংগ্ৰি ইয়ং মেন ডোনাল্ড ট্ৰাম্পৰ শক্তি, আনফালে জ’ বিডেনৰ স্পষ্টবাদীতাই ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক এক ৰোমাঞ্চকৰ খেললৈ সলনি কৰিছে। দুয়োগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়েই ইতিমধ্যে জনতাক সন্মোহিত কৰিবলৈ ন ন পন্থা গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰপতিৰ যুক্তিযুদ্ধত অৱতীৰ্ণ হৈ কোৰোনাক লৈ ৰাজনীতি আৰম্ভ কৰিছে জ’ বিডেনে। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে তেওঁ আমেৰিকানসকলক বিনামূলীয়া ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। আনহাতে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এইবাৰ নিৰ্বাচনত আমেৰিকাৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি চেষ্টা চলাইছে নিৰ্বাচনী দেওনা অতিক্ৰম কৰাৰ। এনে কৰিবলৈ যাওতে তেওঁ ভাৰতকো প্ৰত্যক্ষ আক্ৰমণৰ কৰা দেখা গৈছে।

ৰাজনীতিৰ সৈতে বন্ধুত্বৰ কি সম্পৰ্ক! সেয়ে নিজ ৰাষ্ট্ৰত ‘হাউডী মোডী’ৰ দৰে অনুষ্ঠান পাতি আমাৰ প্ৰধানমন্ত্ৰীক আলিংগন কৰি ভাৰতক বন্ধু ৰাষ্ট্ৰ আখ্যা দিয়া ট্ৰাম্পে ভোটাৰক প্ৰলোভিত কৰিবলৈ গৈ ভাৰতকে তীব্ৰভাৱে সমালোচনা কৰে। সমগ্ৰ বিশ্ব যেতিয়া কোৰোনাৰ আতংকত ত্ৰস্ত আছিল, তেতিয়া দিল্লী-বানাৰসলৈ আহি ‘নমস্তে ট্ৰাম্প’ত দেশবাসীৰ মৰম আৰু সদভাৱ আদায় কৰি লৈ গ’ল ট্ৰাম্পে। কিন্তু তাৰ পিছত ভাৰতলৈ বুঢ়া আঙুলি দেখুৱাই প্ৰেছিডেন্সিয়েল ডিবেটত ট্ৰাম্পে ক’লে- ছিঃ ভাৰত ইমান লেতেৰা…!

আনফালে জ’ বিডেনে বৃহস্পতিবাৰে তেওঁৰ অন্তিম প্ৰেছিডেন্সিয়েল বিতৰ্কত স্পষ্ট কৰি কৈছে- কোনো দেশে যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত হস্তক্ষেপ কৰে, তেন্তে তেওঁ নিৰ্বাচিত হোৱাৰ পিছত সেই ৰাষ্ট্ৰই পৰিণাম ভোগ কৰিব লাগিব। কিন্তু এটা কথা ঠিক যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কেৱল সেইখন ৰাষ্ট্ৰতে নহয়, আন ৰাষ্ট্ৰৰ ওপৰতো প্ৰভাৱ পেলায়। বিশ্বৰ শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ চিন্তা চৰ্চা বা কাম কৰা পদ্ধতিয়ে অন্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক, বৈদেশিক বিনিয়োগ আদিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়।

সেয়া যি নহ’লেও এতিয়া ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ গৰম হৈ আছে আমেৰিকা। ইফালে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে বিডেনে জয়লাভ কৰিলে চীনৰহে জয় হ’ব বুলি কৰা ঘোষণাই আমেৰিকাৰ একাংশ লোকৰ লগতে চীনতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।