বিতৰ্কৰ মাজতে আজি অনুষ্ঠিত হব সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ সভা

93

বিতৰ্কৰ মাজতে আজি অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগা কাৰ্যনিৰ্বাহকত ঘোষণা হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। আছুৰ পাঁচগৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ পৰা এগৰাকীক দিয়া হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব।কাৰ্বি আংলঙৰ জনজাতীয় যুৱক চৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ মাজতে পৰৱৰ্তী সাধাৰণ সম্পাদকক লৈও আছুত চলিছে ব্যাপক গুণাগঁথা। আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ বাবে চৰ্চাত আছে শিৱসাগৰৰ সমীৰণ ফুকনৰ নাম। বিগত মৰিগাঁও অধিৱেশনতো সাধাৰণ সম্পাদকৰ অন্যতম দাবীদাৰ আছিল সমীৰণ ফুকন। মৰিগাঁও অধিবেশনত দায়িত্বৰ পৰা বঞ্চিত হৈছিল সমীৰণ ফুকন। পূৰ্বে ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজ, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰো দুটাকৈ কাৰ্যকালৰ সাধাৰণ সম্পাদক আছিল সমীৰণ ফুকন।