ষ্টাফৰিপোৰ্টাৰ, ২৭ এপ্ৰিল :;
বিত্তীয় শৃংখলাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে।
অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ বিভিন্ন ক্ষেত্ৰত কৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সুৰাৰ ওপৰত বৃহত্ পৰিমাণৰ অতিৰিক্ত কৰ আৰোপ কৰিছে ৰাজ্য চৰকাৰে।
৩ মে’ৰ পিছত ৰাজ্যত সুৰাবিপণী খোলাৰ সম্ভাৱনা আছে। বিভিন্ন বিভাগৰ ব্যয়ৰ ক্ষমতা কৰ্তন কৰিব চৰকাৰে। কাইলৈ বিত্তীয় শৃংখলা সম্পৰ্কীয় সিদ্ধান্ত ঘোষণা কৰিব বিত্তমন্ত্ৰীয়ে।
