বিত্তীয় বিসংগতিৰ অভিযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক (বিত্ত আৰু একাউণ্ট) দিগন্ত বৰা আৰু পঞ্জীয়ক ড০ হৰি চন্দ্ৰ মহন্তক নিলম্বন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে তাৎক্ষণিক প্ৰভাৱেৰে মুখ্য বিষয়া দুগৰাকীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।
ইফালে, বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক (প্ৰশাসন) ড০ পৰমানন্দ সোণোৱালক ভাৰপ্ৰাপ্ত উপ পঞ্জীয়ক আৰু পৰিসংখ্যা বিভাগৰ অধ্যাপক তথা ডিঅ’ডিএলৰ ভাৰপ্ৰাপ্ত পৰিচালক জীতেন হাজাৰিকাক বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰূপে নিযুক্তি প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ ভিতৰত চলি থকা অব্যৱস্থাপনা আৰু বিত্তীয় অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে ব্যাপক প্ৰতিবাদ কৰাৰ পিছতে উপ পঞ্জীয়ক আৰু পঞ্জীয়কক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদে।