বিটিচিত এইবাৰৰ পৰা Best Fish farmerক পুৰস্কৃত কৰা হ’ব – কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম

177

বিটিচিত এইবাৰৰ পৰা Best Fish farmerক পুৰস্কৃত কৰা হ’ব। এইবছৰ বিটিচিৰ পাঁচ খন জিলাত ৭০গৰাকী BTC Best Fish farmerক পুৰস্কৃত কৰা হ’ব। এই মন্তব্য বিটিচিৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ। আজি বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত ৰাষ্ট্ৰীয় মীন পালক দিৱসত অংশগ্ৰহণ কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিবৰ্তনকামী চৰকাৰ খনে মৎস্য পালকক পুৰষ্কৃত কৰাৰ বাবে আঁচনি ৰূপায়ণ কৰা হয়। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মৎস্য পালক সকলক সহায় কৰা হ’ব বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি দহ জুলাইৰ দিনা ৰাষ্ট্ৰীয় মীন পালক দিৱসত উপস্থিত থাকি বিটিচিৰ মীন বিভাগৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰীয়ে ভাষণত মাছ পালনৰ ক্ষেত্ৰত উৎসাহ জনক মন্তব্য কৰে। তেখেতে মাছ পালনেৰে এগৰাকী ব্যক্তি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে। জাপানৰ লোকে প্ৰতিদিনে ৩শ গ্ৰামকৈ মাছ ভক্ষণ কৰে বাবে তেওঁলোকৰ আয়ুস বেছি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিটিচিৰ মীন বিভাগৰ আণ্ডাৰ চেক্ৰেটেৰী ৰাজেন্দ্ৰ ব্ৰহ্ম আদিয়েও ভাষণ দিয়ে। মুছলপুৰ ব্লক ইউপিপিএলৰ সভাপতি বাপন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মুছলপুৰ অঞ্চলৰ কেইবাগৰাকী সমাজকৰ্মীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে দহ গৰাকী মৎস্য পালকক চেক প্ৰদান কৰা হয়।‌‌ আজিৰ এই সভাত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক, কৃষি বিজ্ঞান কেন্দ্ৰৰ বাক্সা জিলাৰ মুৰব্বী ড: উৎপল জ্যোতি শৰ্মা, বাক্সা জিলা মীন উন্নয়ণ বিষয়া নীল দাস, ওদালগুৰি জিলা মীন উন্নয়ণ বিষয়া বিপুল খাটনিয়াৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।