বিটিআৰত প্ৰৱেশ কৰিব নোৱাৰিব অমিত শ্বাহে !

57

বিটিআৰ-ৰ নিৰ্বাচনৰ সময়ত বিজেপিয়ে মিত্ৰ হাগ্ৰামাক এৰি প্ৰমোদ বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছিল ৷ তথাপি হাগ্ৰামাই বিটিআৰৰ নিৰ্বাচনত বিপুল সংখ্যক আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপিয়ে সমৰ্থন কৰা ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োই বিটিআৰৰ নিৰ্বাচনত ১২ খন আসনতে সীমাৱদ্ধ থাকিবলগীয়া হয়৷

উল্লেখ্য, ১৭ বছৰ বিটিআৰত শাসন চলোৱা হাগ্ৰামাই ২০১৯ চনৰ বিটিআৰৰ নিৰ্বাচনত ১৭ খন আসন লাভ কৰে যদিও হাগ্ৰামাই পৰৱৰ্তী বিটিআৰৰ মুখ্য কাৰ্যবাহী হোৱাৰ পৰা বঞ্ছিত হয় ৷ সেই সময়ছোৱাত হাগ্ৰামাই বহু চেষ্টা কৰিও বিজেপিক আলোচনাৰ মজিয়ালৈ আনিব নোৱাৰিলে ৷ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনৰ সময়ত হোটেল লিলিত যি ৰাজনীতি কৰিলে সেয়া অসমৰ জনসাধাৰণৰ বিদিত ৷ হাগ্ৰামাৰ হাত এৰি বিজেপিয়ে ইউ পি পি এল-ৰ সৈতে মিতিৰালি কৰি বিটিআৰত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে ৷ এই পৰিপ্ৰেক্ষিতত প্ৰমোদ বড়োই বিটিচিৰ নতুন প্ৰধান হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে বিপিএফে ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ পাৰিষদক পদবী আৰু ধনৰ প্ৰলোভনেৰে ক্ৰয় কৰাৰ চেষ্টা চলোৱাৰ এক খবৰ বিয়পাইছিল ৷ সেই সময়ত নিৰাপত্তাজনিত কাৰণত হোটেল লিলিত বাহৰ পাতি থকা বিজেপি, ইউপিপিএল আৰু জিএছপিৰ পাৰিষদক প্ৰলোভন দিয়াৰ বাবে বিপিএফৰ এজেণ্টে হোটেলৰ দুৱাৰমুখত খাপ-পিটি থকাৰ বিস্ফোৰক তথ্যও পোহৰলৈ আহিছিল।

উল্লেখযোগ্য যে বিটিআৰৰ নিৰ্বাচনৰ ভোট গণনাৰ ফলাফল ওলোৱাৰ পিছত হিমন্তই হাগ্ৰামাৰ সৈতে কোনো আলোচনাত বহা নাছিল ৷ কিন্তু পিছলৈ সকলোকে হতবাক কৰি হিমন্তই হঠাৎ হাগ্ৰামাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ যিখন বৈঠকৰ পিছতেই হাগ্ৰামাই ওলোটা খৰ মাৰিছিল ৷ বিটিআৰত শাসন চলোৱাৰ আশা পৰিত্যাগ কৰি বিৰোধীৰ আসনত বিপিএফ দল থাকিব বুলি ঘোষণা কৰিছিল হাগ্ৰামাই । লগতে হাগ্ৰামাই এই বুলিও দৃঢ়তাৰে কৈছিল যে ২০২১ৰ নিৰ্বাচনত বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা সম্ভৱ নহ’ব। অৱশ্যে আন দলৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা থাকিব বুলি মন্তব্য কৰিছিল বিপিএফ প্ৰধান হাগ্ৰামাই ৷ ইমানখিনি আগবাঢ়ি যোৱাৰ পিছতো পৰাজয় মানি ল’ব নোৱাৰিলে হাগ্ৰামাই ৷ ১৭ বছৰ শাসনত থকাৰ পিছত হঠাতে বিৰোধীৰ আসনত বহিবলগীয়া ঘটনাটো যেন মনেৰে স্বীকাৰ কৰি ল’ব পৰা নাছিল বিপিএফৰ প্ৰধানজনে৷ পৰাজয়ৰ গ্লানি সহিব নোৱাৰি তেওঁ আস্থা ভোটৰ বিষয়ে উত্থাপন কৰিছিল৷ কিন্তু তাতো মুখ ঠেকেচা খালে হাগ্ৰামাই৷

উল্লেখ্য, আস্থা ভোটত অৱতীৰ্ণ হৈ ২২ গৰাকী পাৰিষদৰ সমৰ্থন লাভেৰে ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে জয়লাভ কৰিছিল। ইয়াৰ পিছতো ক্ষান্ত হৈ থকা নাথাকিল হাগ্ৰামা ৷ বিটিআৰৰ নিৰ্বাচন ভুৱা বুলি ভয়ংকৰ অভিযোগ কৰিলে হাগ্ৰামাই৷ আস্থা ভোটৰ প্ৰক্ৰিয়াক অবৈধ বুলিও গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিলে হাগ্ৰামা মহিলাৰীয়ে ৷ পৰিণামস্বৰূপে আস্থা ভোটত জয়ী হৈও আইনী মেৰপেঁচৰ পৰা ৰেহাই নাপালে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এল-বি জে পি চৰকাৰে ৷ সম্প্ৰতি হাগ্ৰামাৰ এই আঁকোৰগোঁজ স্বভাৱ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় ৰূপ হৈ দেখা দিছে অসমৰ ৰাইজৰ সন্মূখত ৷

চলিত বৰ্ষৰ ২৪ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ কথা ৷ লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন। লগতে গৃহমন্ত্ৰীয়ে বিটিআৰ ভ্ৰমণ কৰাৰ লগতে বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে ৷ বিটিআৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ সময়ছোৱাত, বিজেপিয়ে বিটিআৰ নিৰ্বাচনত হাগ্ৰামাক কৰা ৰাজনৈতিক প্ৰৱঞ্চনাৰ বাবে কোনো হিংসাত্মক ঘটনা সংঘটিত কৰিব বুলিও এচামে ক’বলৈ লৈছে ৷ সঁচাকৈ হাগ্ৰামাই এয়া কৰিবলৈ গৈ আছে নেকি ? বিটিআৰৰ গাদীৰ পৰা বঞ্ছিত হোৱাৰ ক্ষোভত হাগ্ৰামাই কোনো হিংসাত্মক পন্থা হাতত ল’ব নেকি ? কিয়নো ইয়াৰ পূৰ্বেও হাগ্ৰামাই বহুতো হিংসাত্মক কাৰ্য সাধন কৰাৰ উদাহৰণ অসমৰ ৰাইজে পাইছে ৷ প্ৰমোদ বড়ো আস্থা ভোটত অৱতীৰ্ণ হোৱাৰ পূৰ্বে বিটিচি অধিৱেশনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল হাগ্ৰামাই। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ পাৰিষদসকলে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিছিল।

ক্ষমতাচ্যুত হোৱা এই দুয়োগৰাকী ৰাজনৈতিক নেতাৰ কাৰ্যকলাপ এতিয়া আমাৰ দৃষ্টিগোচৰ ৷ এফালে আমেৰিকাত আনফালে অসমত … ৷ ট্ৰাম্পে শেহতীয়াকৈ পৰাজয় স্বীকাৰ কৰি ল’লেও হাগ্ৰামা মহিলাৰীয়ে পৰাজয়ৰ এই গ্লানি সহ্য কৰি প্ৰমোদ বড়োৰ হাতত শাসনভাৰ ন্যস্ত কৰিব পাৰিব নে নাই সেয়া সময়েহে ক’ব ৷