বিজেপি নেতাৰ বিৰুদ্ধে চৰকাৰী বাহনত আক্ৰমণৰ অভিযোগ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াৰ

59

দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মণীষ চিছোদিয়াই তেওঁৰ চৰকাৰী বাহনত বিজেপিৰ কৰ্মকৰ্তাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজৰ মতানৈক্য দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইটযোগে বিজেপিৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি লিখিছে যে ৰোহতাছ নগৰত নিৰ্মীয়মান এখন বিদ্যালয়তো বিজেপিৰ কৰ্মকৰ্তা তথা গুণ্ডা বাহিনীয়ে আক্ৰমণ চলায়।

মণীয় চিছোদিয়াই লিখিছে, ‘আজি ৰোহতাছ নগৰত বিদ্যালয় নিৰ্মাণৰ বিৰোধিতা কৰি বিজেপি নেতা আৰু গুণ্ডাবাহিনীয়ে বিদ্যালয়ত উদ্ভাণ্ডালিৰ সৃষ্টি কৰে। মোৰ চৰকাৰী বাহনৰো ক্ষতিসাধন কৰে। বিদ্যালয়ৰ গেট ভাঙি ভিতৰৰ মহিলা শিক্ষক, ইঞ্জিনিয়াৰ আৰু শ্ৰমিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। স্কুল নিৰ্মাণ, পঢ়া-লিখাৰ কথাত বিজেপিবাহিনীৰ কিয় ইমান অসন্তুষ্টি?’

চিছোদিয়াৰ এই টুইটৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, দিল্লীৰ আম আদমী পাৰ্টী নেতৃত্বাধীন চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাজত প্ৰায়ে মতানৈক্য পৰিলক্ষিত হৈ আহিছে। কোভিড পৰিস্থিতিৰ সময়ত অক্সিজেন যোগানক লৈ দুয়োখন চৰকাৰ বহুবাৰ বাকযুদ্ধত লিপ্ত হোৱাও পৰিলক্ষিত হৈছে।