বিজেপি নেতাৰ আত্মহত্যা, আৰক্ষী বিষয়াৰ বিৰুদ্ধে শোষণৰ অভিযোগ…

45

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পানীপথৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়া মনীষা চৌধুৰীৰ বিৰুদ্ধে বিজেপিৰ নেতা হৰিশ শৰ্মাক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষী বিষয়গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

অভিযোগ অনুসৰি, বৰ্তমান উপমুখ্যমন্ত্ৰী দুষ্ম্যন্ত চৌতালাই আৰক্ষী বিষয়া গৰাকীক ৰক্ষনা-বেক্ষণ দিছে আৰু ইয়াৰ পিছত এই সামগ্ৰিক ঘটনাই ৰাজনৈতিক বিষয়ৰ ৰূপ লৈছে। উল্লেখ্য যে ৫২ বছৰীয়া হৰীশ শৰ্মাই ১৯ নবেম্বৰত আত্মহত্যা কৰিছিল আৰু এই সম্পৰ্কে তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওপৰত শোষণৰ অভিযোগ তুলিছিল।