বিজেপি দলৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰে বান সাহাৰ্য্যৰ নামত অসমবাসীক মাথো ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতিবাদত ৩ আগষ্টৰ পৰা ৰাজ্যজুৰি ৰুপায়ন কৰা হ’ব “প্ৰতাৰণা দিৱস” শীর্ষক কাৰ্য্যসূচী – প্ৰদেশ কংগ্ৰেছ

66

ষ্টাফৰিপৰ্টাৰ, সাম্প্রতিক ৰাজ্যখনৰ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ মোকাবিলা কৰাত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। বানপীড়িত ৰাইজৰ দুখ- দুৰ্দশা আৰু অভাৱ-অভিযোগৰ লগতে সাহায্য প্রদান কৰাৰ ক্ষেত্রতো চৰম অৱহেলা প্ৰদৰ্শন কৰিছে। বিগত বছৰবোৰত বান সমস্যা সমাধানৰ বাবে প্ৰকৃতাৰ্থত তৎপৰতা প্রদর্শন কৰাৰ পৰিৱর্তে প্ৰধানমন্ত্ৰী মোডী,একাংশ কেন্দ্রীয় মন্ত্রী আৰু মুখ্যমন্ত্রী সোণোৱালে মাথো দি গৈছে কিছুমান ভুৱা প্ৰতিশ্ৰুতিহে। উদাহৰণ স্বৰূপে ১ আগষ্টত মোডীয়ে ২০১৭ চনত অসমৰ সেই বৰ্ষৰ প্ৰলয়ংকাৰী বানপানীৰ খবৰ ল’বলৈ আহি গুৱাহাটীত অসম আৰু উত্তৰ পূবৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ তিনিবছৰ হ’ব। আমি প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰক প্ৰশ্ন কৰিছো যে সেই ঘোষণা কৰা অনুসৰি – অসমকে ধৰি উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বাবে ২৩৫০ কোটি টকাৰ প্ৰতিশ্ৰুতিৰ কি হ’ল? অসমৰ বাবে তৎকালীন ভাৱে দিম বুলি কোৱা ২৫০ কোটিৰে কি ৰূপায়ণ কৰিলে? ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ৪০০ কোটি আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতিৰ কি হ’ল? ঠিক তেনেদৰে ২০১৬ চনৰ ২৪ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী য়ে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ১ লাখ কোটি বিনিয়োগ কৰি Express Highway নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰ কি হ’ল? ২০১৪ চনৰ বিজেপি দলৰ ৰাষ্ট্রীয় ইস্তাহাৰ আৰু ২০১৬ ৰ অসম বিধানসভা নির্বাচনত বাবে প্ৰকাশ কৰা Vision Document ত অসমৰ বান সমস্যা নিয়ন্ত্ৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহৰ কিমান ৰূপায়ণ কৰিলে? ড্ৰেজাৰেৰে ব্ৰহ্মপুত্ৰৰ খনন কৰিলেনে? নমামী ব্ৰহ্মপুত্ৰ আৰু নমামী বৰাক উৎসৱে বান-খহনীয়া নিয়ন্ত্রণত কিমান সহায় কৰিলে ? নে অভিযোগ উঠাৰ দৰে এইসমূহ বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিহে আছিল? এইবিষয়ে প্ৰকৃত তথ্যসহ অসমবাসী ৰাইজক চৰকাৰে অৱগত কৰক।
অসম প্রদেশ কংগ্রেছে বিজেপি চৰকাৰৰ এই চুড়ান্ত ব্যৰ্থতা, বানাক্ৰান্ত ৰাইজৰ প্ৰতি অৱহেলা, ভুৱা প্ৰতিশ্ৰুতি ৰ এই বিষয়বিলাক সামগ্রিক ভাৱে অসমবাসী ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেই ৩ আগষ্টৰ পৰা সমগ্র ৰাজ্যজুৰি “প্ৰতাৰণা দিৱস ” শীর্ষক কাৰ্য্যসূচী হাতত লৈছে । কাৰ্য্যসূচী অনুসৰি ৰাজ্যখনৰ প্ৰতিখন ব্লক কংগ্রেছ কমিটিয়ে নিজ নিজ কাৰ্য্যলয়ৰ সমীপত নতুবা ৰাজহুৱা স্হানত প্লে কাৰ্ড, বেনাৰ আদি লৈ ধৰ্ণা প্ৰদৰ্শন কৰি ভুৱা প্ৰতিশ্ৰুতি সমূহৰ প্ৰতিলিপি দাহ কৰিব।অসম আৰু অসমবাসীৰ স্বাৰ্থত প্ৰতিজন কংগ্রেছ কৰ্মীকে এই কাৰ্য্যসূচীত উপস্থিত থাকি সফল কৰি তুলিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আহ্বান জনাইছে।