বিজেপি চৰকাৰৰ পক্ষপাতমূলক আচৰণক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

81

ষ্টাফৰিপৰ্টাৰ, মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ চৰকাৰী কাৰ্যসূচীত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিৰোধী দলৰ বিধায়কক স্বীকৃতি আৰু প্ৰাপ্য গুৰুত্ব নিদিয়া সন্দৰ্ভত বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এক পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত সভাপতি বৰাই উল্লেখ কৰে-“যোৱা ২০ জুলাইত আপুনি বৰপেটা জিলা ভ্ৰমণ কালত সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱনটো উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানলৈ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক আমন্ত্ৰণ জনোৱা নহ’ল। লগতে নতুন আৰক্ষী থানাৰ ভৱনটিৰ উদ্বোধনী ফলকত স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নাম সন্নিৱিষ্ট কৰা নহ’ল। ইয়াৰ বিপৰীতে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ নাম উক্ত উদ্বোধনী ফলকত সন্নিৱিষ্ট হ’ল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বিজেপি চৰকাৰৰ এনে পক্ষপাতমূলক আচৰণ, ভাৰতীয় সংবিধানক অৱমাননা কৰা কাৰ্য আৰু বিৰোধী দলৰ বিধায়কক চৰকাৰী আঁচনিত অংশগ্ৰহণৰ পৰা ৰাজনৈতিকভাৱে বঞ্চিত কৰা কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিছো। এই কথা আপোনাক হয়তো নক’লেও হ’ব যে আপুনি কেৱল বিজেপি দল বা বিজেপি বিধায়কৰ বাবেই মুখ্যমন্ত্ৰী নহয়। আপুনি অসমৰ সকলো শ্ৰেণীৰ ৰাইজ আৰু সকলো বিলাক ৰাজনৈতিক দল, সংগঠনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী।” পত্ৰখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অনুৰূপ আন এক প্ৰসংগ উত্থাপন কৰি কয় যে আজি মুখ্যমন্ত্ৰীৰ দৰং জিলা ভ্ৰমণৰ কাৰ্যসূচীত বানপানী পৰিদৰ্শন, ভগ্ন মথাউৰী পৰিদৰ্শন, বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন আৰু দৰং জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, আদি চৰকাৰী কাৰ্যসূচী সমূহৰ বাবে দৰং জিলাৰ উপায়ু্ক্তই যি জাননী জাৰি কৰিছে, সেই জাননীত দৰং জিলাৰ চৰকাৰী বিভাগীয় বিষয়াসকলৰ লগতে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ আৰু দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ, কলাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়কক সন্নিৱিষ্ট কৰা হৈছে। কিন্তু, আচৰিত কথা যে দৰং জিলাৰ অন্তৰ্গত দলগাওঁ সমষ্টিৰ বিধায়ক ইলিয়াছ আলীক এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰা হোৱা নাই। দলগাওঁ সমষ্টিৰ বিধায়কগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হোৱা বাবেই তেওঁক এনেদৰে চৰকাৰী কাৰ্যসূচীৰ পৰা আৰু তেওঁৰ সাংবিধানিক দায়িত্বৰ পৰা বঞ্চিত কৰা হৈছে নেকি বুলিও ৰিপুণ বৰাই প্ৰশ্ন কৰে। লগতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মুখ্যমন্ত্ৰীৰ এনে গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী স্বৈৰাচাৰী কাৰ্যৰ গৰিহণা দিয়ে। উল্লেখযোগ্য যে ইয়াৰ আগতেও বহুবোৰ চৰকাৰী কাৰ্যসূচীত বিজেপি চৰকাৰে বিভিন্ন ঠাইত কংগ্ৰেছ দলৰ বিধায়কসকলক চৰকাৰী কাৰ্যসূচী সমূহত যোগদানৰ পৰা ৰাজনৈতিক স্বাৰ্থত বিৰত ৰখাৰ অনেক উদাহৰণ আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱা স্পষ্টীকৰণৰো দাবী জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।