বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ কনভয়ত আক্ৰমণ

58

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমনসূচীৰে পশ্চিমবংগত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ কনভয়ৰ বাহনত ইটাৰে আক্ৰমণ। এই আক্ৰমণৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে দুৰ্বৃত্তৰ আক্ৰমণৰ পিছতে পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষে ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে কলকাতাত উপস্থিত হৈছে বিজেপি অধ্যক্ষ গৰাকী। তাৰমাজতে এনেদৰে তেওঁৰ কনভয়ত আক্ৰমণ চলিছে। এই আক্ৰমণ তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে।