বিজেপিৰ মুখ্যমন্ত্ৰীকেন্দ্ৰীক সংঘাতৰ পৰিণতিতে মই বঞ্চিত হ’লোঃ বকলীয়াঘাটৰ নিৰ্বাচনী সভাত চুম ৰংহাং

65

লবীকেন্দ্ৰীক সংঘাতত জুৰুলা হৈছে বিজেপি দল। মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি দলত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে আজি মই বঞ্চিত হ’লো। — এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কংগ্ৰেছ দলৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী চুম ৰংহাং। উল্লেখ্য যে, আজি লাংছ’মেপি ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত বকলীয়াঘাটস্থিত ইউনাইটেড কাৰ্বি ক্লাৱ প্ৰাংগনত এক বৃহৎ কৰ্মীসভা অনুষ্ঠিত কৰা হয় । লাংছ’মেপি ব্লক কংগ্ৰেছৰ সভাপতি লংকি ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰদান কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি সমাগত নিৰ্বাচনত হাতৰ খেল দেখুৱাবলৈ সাজু হোৱা বুলি মন্তব্য কৰে। বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটৰ বিজয় নিশ্চিত বুলি দাবী কৰি অহা বছৰ অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনতো বিজেপি দলক ক্ষমতাচ্যুত কৰাৰ বাবে দলীয় কৰ্মীসকলক আহ্বান জনায়। পৰিষদৰ ভিতৰচৰাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই ষড়যন্ত্ৰমূলকভাৱে টিকটৰ পৰা বঞ্চিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। অহা ১ এপ্ৰিলত কংগ্ৰেছৰ সমৰ্থনত ভোটদান কৰি বিজেপিৰ পদুম ফুলক এপ্ৰিল ফুললৈ পৰ্যবসিত কৰাৰ বাবে ৰংহাঙে দলৰ নেতা-কৰ্মীসকলক আহ্বান জনায়। কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি অশোক টেৰণে ভাষণ প্ৰসংগত এই নিৰ্বাচনতে বিজেপিক ক্ষমতাচ্যুত কৰাত ব্যৰ্থ হ’লে অহা পাঁচ বছৰলৈকে জনতাই ইয়াৰ কুফল ভূগিবলগীয়া হ’ব বুলি সকীয়াই দিয়ে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডা° মংৱে ৰংপি, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰ, প্ৰাক্তন উপাধ্যক্ষ মহেশ চৌহান, জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল টেৰণকে ধৰি দলটোৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। আজিৰ সভাতে বিজেপি, এএছডিচি, চিপিআই(এমএল) দলৰ পৰা ৩০ টা পৰিয়ালে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ।