বিজেপিৰ প্ৰাক্তন সাংসদ সত্যদেৱ সিঙৰ মৃত্যু

71

ডিজিটেল ডেস্ক: তেওঁ জনপ্ৰিয় আছিল। লালকৃষ্ণ আদৱানী, অটল বিহাৰী বাজপেয়ী, মুৰুলি মনোহৰ যোশীৰ অতি ঘনিষ্ঠ আছিল তেওঁ। বিজেপিৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা হাৰিয়ানাৰ গোণ্ডা সমষ্টিৰ প্ৰাক্তন বিজেপি সাংসদ সত্যদেৱ সিঙৰ বুধবাৰে নিশা মৃত্যু ঘটে। দীৰ্ঘদিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ থকা সিঙৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।

ভাৰতীয় জনতা পাৰ্টীৰ হৈ ১৯৯১ আৰু ১৯৯৯৬ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল সিং। বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। এনে এগৰাকী জ্যেষ্ঠ নেতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ লগতে ৰাজনৈতিক নেতা সকলে।