বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

76

অৱশেষত প্ৰকাশ হল বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। প্ৰথম দুখন প্ৰাৰ্থী তালিকাত কেইবাগৰাকীও বৰ্তমানৰ বিধায়কক টিকটৰ পৰা বঞ্চিত কৰিছিল বিজেপি নেতৃত্বই। তাৰ পিছতে দলৰ ভিতৰচৰাত কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হৈছিল বিদ্ৰোহ। তেনে এক পৰিস্থিতি যাতে পুনৰ এবাৰ সৃষ্টি নহয়, তাৰ বাবে সতৰ্ক হৈ পৰিছিল ৰাজ্যিক আৰু কেন্দ্ৰীয় বিজেপি নেতৃত্ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, দিলীপ শইকীয়াকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰাৰ্থী বাচনিক লৈ দিল্লীত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। আৰু তাৰ পিছতে দেওবাৰে সন্ধিয়া বিজেপিয়ে প্ৰকাশ কৰে ১৭ জনীয়া প্ৰাৰ্থীৰ তালিকা।

বিজেপিৰ কেইবাগৰাকীও বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া হোৱা স্বত্বেও এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। আমি আপোনালোকক জনাব বিচাৰিছো তৃতীয় প্ৰাৰ্থী তালিকাত বিজেপিয়ে কাক ক’ত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

দিছপুৰত টিকট প্ৰদান কৰা হৈছে বিদ্ৰোহী বিধায়ক অতুল বৰাক।
পূৱ গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য
হাজোত সুমন হৰিপ্ৰিয়া
ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰী
বৰক্ষেত্ৰীত নাৰায়ণ ডেকা
দক্ষিণ শালমাৰাত আশ্বাদুল ইছলাম
ধুবুৰীত ডা০ দেবাময় সন্যাল
গোলোকগঞ্জত অশ্বিনী ৰায় চৰকাৰ
বিলাসীপাৰা পশ্চিমত ডা০ আবু বক্কৰ চিদ্দিকী
বিলাসীপাৰা পূবত অশোক সিংঘী
বিজনীত অজয় কুমাৰ ৰায়
দুধনৈত সম্যজিৎ ৰাভা
জলেশ্বৰত ওচমান গণী
সৰভোগত শংকৰ চন্দ্ৰ দাস
জানিয়াত ছাহিদুল ইছলাম
বাঘবৰত হাছিনাৰা খাতুন আৰু
পলাশবাৰীত হেমাংগ ঠাকুৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদল অগপক ২৬ খন আৰু ইউপিপিএলক ৮ খন আসন এৰি দিছে বিজেপিয়ে। ইতিমধ্যে বিজেপিয়ে ৯০ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দুখন আসনৰ প্ৰাৰ্থী বাচনিৰ দায়িত্ব ৰাজ্যিক বিজেপিৰ হাতত অৰ্পণ কৰিছে কেন্দ্ৰীয় নেতৃত্বই।