ভাৰতীয় জনতা পাৰ্টি (বিজেপি), অসমৰ জ্যেষ্ঠ নেতা দেৱদত্ত বৰকটকীৰ মঙলবাৰে মৃত্যু হয়। তেওঁ ‘বিজেপি বাৰ্তা’ আলোচনীখনৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু দলৰ আন নেতাসকলে বৰকটকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দলৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে এটা টুইটত শোক ব্যক্ত কৰি কয়, “জ্যেষ্ঠ বিজেপি নেতা দেবদত্ত বৰকটকীৰ মৃত্যুত মই হতবাক হৈছো। মই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। এজন সমৰ্পিত কৰ্মী হিচাপে দলৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।”