বিজেপিয়ে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধংসৰ ফান্দ পাতিছেঃ ৰিপুণ বৰা

288

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ লগতে যুৱ তৃণমূল কংগ্ৰেছে একাধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰিপুণ বৰাই কয়, ‘বিজেপি চৰকাৰে বিদ্যালয় বন্ধ, মাধ্যম সলনি আদি কাৰ্যৰ জৰিয়তে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ ফন্দি পাতিছে। ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা অসমীয়া ভাষাক সংকটৰ মুখলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে’।

ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত বহি:ৰাজ্যৰ হিন্দীভাষী শিক্ষকক নিযুক্তি দিয়া কাৰ্যও এই চৰকাৰৰ দিনত সংঘটিত হৈছে বুলি আক্ৰমণ কৰি বৰাই কয়, ‘এতিয়া তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অংক আৰু গণিত বিষয় দুটাৰ শিক্ষা গ্ৰহণ ইংৰাজী মাধ্যমত বাধ্যতামূলক কৰি একপ্ৰকাৰে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে’।

‘সম্প্ৰতি অসমীয়া ভাষাৰ প্ৰধান শত্ৰু কোনোবা আছে যদি সেয়া হৈছে বিজেপি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইযাক আমি ৰোধিব লাগিব’, লগতে এইদৰে কয় বৰাই।

ইফালে অসম তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব চৰকাৰৰ অসমীয়া ভাষা বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম চলাই যাব আৰু মাধ্যম সলনি কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও জানিব দিয়ে।

ইনপুট- Time8