বিজেপলৈ আহিব নেকি অজন্তা নেওগ!

64

ডিজিটেল ডেস্ক:কংগ্ৰেছৰ এগৰাকী সবল নেত্ৰী হিচাপে পৰিচিত অজন্তা নেওগৰ এতিয়া বিজেপিত যোগদানক লৈ চলা চৰ্চাই উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি।

আনহাতে বিজেপিৰ এক সূত্রই সদৰী কৰা মতে অজন্তা নেওগৰ লগতে কংগ্ৰেছৰ আন কেইবাগৰাকী জ্যেষ্ঠ নেতা বিজেপিত যোগদান কৰিবৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে।

বিজেপিৰ এই শীৰ্ষসূত্ৰই ইতিমধ্যে সদৰী কৰিছে যে অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ঠিৰাং কৰিছে।অৱশ্যে অজন্তা নেওগে এই বিষয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

ইফালে কংগ্ৰেছৰ এক সূত্ৰই অজনতা নেওগক লৈ চলা এই চৰ্চা সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে।