বিজনীৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

196

বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত পাণবাৰী-পাতিলাদহা পথৰ বাল্লিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন ব্যৱসায়ী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰ ভাবে আহত হয়। শ্বাহেবুল আলী নামৰ মুৰ্গী ব্যৱসায়ীটোৱে AS 19D 4532 নম্বৰৰ YAMAHA বাইকখনেৰে পানবাৰী পৰা সৰভোগ অভিমুখে গৈ থকা অৱস্থাত পাতিলাদহাৰ পৰা আহি থকা AS 26B 4782 নম্বৰৰ মফেড খনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় শ্বাহেবুল আলি(৫২) নামৰ মুৰ্গী ব্যৱসায়ীজন। মৃত শ্বাহেবুলৰ ঘৰ ডেকাৰগুৰী (টেঙা গাওঁ) বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় বিজনীৰ ১ নং বিষ্ণুপুৰ নিবাসী তথা পাণ ব্যৱসায়ী জৱেশ মণ্ডল (৩০) নামৰ লোকজন। আহত লোক জনক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰে পানবাৰীৰ আৰক্ষীয়ে।