বিজনীৰ পাণবাৰীৰ ২ নং কচুবিলত ৰহস্যজনক আত্মহত্যা

102

বিজনীৰ পাণবাৰীৰ ২ নং কচুবিলত ৰহস্যজনক আত্মহত্যা বোৱাৰীৰ।স্বামী গৃহৰ পৰিয়ালৰ সদস্যই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ বোৱাৰী গৰাকীৰ পৰিয়ালৰ।

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং কচুবিলত কালি নিশা জোনালী ৰায় নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা সংঘটিত হয়।গুৱাহাটীৰ গণেশনগৰ নিবাসী জোনালী ৰায় দহ বছৰ পূৰ্বে ২ নং কচুবিল নিবাসী ভৃগু ৰায়ৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল যদিও বিয়াৰ পিছৰ পৰাই সময়ে সময়ে ধন দাবী কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি জোনালীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে।ইয়াৰ মাজতে কালি নিশাৰ ভাগত বোৱাৰী গৰাকীয়ে চীপ লৈ আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।এইক্ষেত্ৰত জোনালীৰ পৰিয়ালৰ লোক পাণবাৰী থানাত উপস্থিত হৈ স্বামী ভৃগু ৰায়ৰ উপৰিও স্বামী দহ জনৰ ওপৰত এখন এজাহাৰ দাখিল কৰি জোনাকী ৰায়ক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰা বুলি সংবাদ মাধ্যমৰ ওচৰত অভিযোগ উত্থাপন কৰাৰ লগতে ন্যায় দাবী কৰে মৃত জোনালীৰ জ্যেষ্ঠ ভগ্নী মায়া নাথে।ঘটনা সংক্ৰান্তৰ পাণবাৰী থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। পাণবাৰী আৰক্ষীয়ে ইতিমধ্যে ৭৮/২০২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি স্বামী ভৃগু ৰায় আৰু ভাতৃ মিলন ৰায়ক সোধ-পোচৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে।দুই কন্যা সন্তানৰ মাতৃ জোনালী ৰায়ত আত্মহত্যা এয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।আনহাতে মৃত জোনালী ৰায়ৰ জ্যেষ্ঠ ভগ্নী মায়া নাথে দিয়া এজাহাৰত স্বামী গৃহৰ পৰিয়ালে জোনালীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ দৰে পথ বাচি লবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে।