বিজনীৰ দহলাপাৰাত শোকাবহ দুৰ্ঘটনাত নিহত এজন চাইকেল আৰোহী

267

বিজনীৰ দহলাপাৰাত শোকাবহ দুৰ্ঘটনাত নিহত এজন চাইকেল আৰোহী ।বঙাইগাঁও জিলাৰ দহলাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত এজন চাইকেল আৰহী থিতাতে নিহত হয় । অচিনাকী ট্ৰাকে মহতিয়াই লৈ যোৱাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহী জন। নিহত চাইকেল আৰহী জনৰ চেহেৰা বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাত চাইকেল আৰহী জনক চিনাক্ত কৰিব পৰা হোৱা নাই । আনুমানিক চাইকেল আৰোহী জনৰ বয়স ৪০ৰ উৰ্ধত হ’ব । ঘটনা স্থলীত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষী দুৰ্ঘটনাত হোৱা স্থানত উপস্থিত হয় যদিও চিনাক্ত কৰিব পৰা নাই । নিহত লোক জনৰ পৰা এটা মোবাইল এটা ছাতা এখন বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে ।