বিজনীত SFI আৰু DYFI ৰ প্ৰতিবাদী কাৰ্যসূচী

322

বিজনীত SFI আৰু DYFIৰ প্ৰতিবাদী বিক্ষোভ।
চিৰাং জিলাৰ বিজনীৰ বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি দিনৰ ১১ বজাত SFI আৰু DYFI যৌথ ভাবে ৪ দফা দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে । উক্ত দাবী সমূহ অ’ভাৰলেপিং সমস্যাৰ সমাধান ,৫১ হাজাৰ পদত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি,আৰু ২৬ মে’ৰ পূৰ্বে পৰৱৰ্তী তালিকা প্ৰকাশ , প্ৰাপ্ত নম্বৰসহ নামৰ তালিকা আৰু কাট্ অফ্ নম্বৰ প্ৰকাশ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে । পৰবৰ্তী বিজনী মহকুমাধিপতিৰ জৰিয়তেই অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।