বিজনীত বিজেপি কাৰ্যালয়ত ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জী ১২১তম জন্ম জয়ন্তী পালন

225

সমগ্র দেশৰ লগতে ভাৰতীয় যুৱ মৰ্চা চিৰাং জিলা উদ্যোগত বিজনীতো পালন কৰা হয় ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২১ জন্ম জয়ন্তী।বিজনীস্থিত চিৰাং জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত থাকি ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জী প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বোলন কৰে।ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি তথা মকদৰ্শক ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী পালন কৰে ।উক্ত কাৰ্যসূচীত বিধায়ক অজয় কুমাৰ ৰায়, সুভাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী, ভাৰতীয় জনতা যুৱ মৰ্চাৰ চিৰাং জিলাৰ সাধাৰণ সম্পাদক ৰাকেশ দাস, বিজেপি জেষ্ঠ কাৰ্যকৰ্তা ৰবীন দাস , ভাৰতীয় জনতা যুৱ মৰ্চাৰ চিৰাং জিলাৰ উপ সভাপতি অতিন হাজঙ ,ভাৰতীয় জনতা মহিলা মৰ্চাৰ চিৰাং জিলাৰ দেৱজানী ৰায় লগতে বিজেপিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে। আজিৰ এই ড৹ শ্যামাপ্ৰসাদ মুখাৰ্জী ১২১ তম জন্ম জয়ন্তী উপলক্ষে তেওঁৰ জীৱনীৰ আধাৰত উপস্থিত থকা বিজেপিৰ কৰ্মকৰ্তা সকলে ভাষাণ প্ৰদান কৰে ।