বিজনীত চোৰক গ্ৰেপ্তাৰ

323

বিজনীত চিলভাৰৰ হাণ্ডি বৰ্তন চোৰ কৰা চোৰক গ্ৰেপ্তাৰ।চিৰাং জিলাৰ বিজনী আমগুৰীৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা তথা ব্যবসায়ী সুকুমাৰ আৰ্য্যৰ ঘৰৰ বাৰান্দাৰ পৰা দুজন চোৰে ২বস্তা চিলভাৰৰ হাণ্ডি, টেকলি, বাচন চুৰি কৰি বৰপেটালৈ বিক্ৰী কৰিব নিছিল। পাছলৈ বিজনী থানাত ব্যৱসায়ী সুকুমাৰ আৰ্য্যৰ এজাহাৰৰ ভিত্তিত চোৰ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চোৰ দুজনৰ নাম কলিম উদ্দিন শ্বেখ(৩৭) আৰু আজগৰ আলী(৩২) বুলি জানিব পৰা গৈছে। পাছলৈ চোৰ দুজনক শনিবাৰে বিজনী আৰক্ষীৰ এটা দলে বৰপেটাৰ বেলতলাৰ শাখাৰু পট্টিৰ পৰা সামগ্ৰী সমূহ উদ্ধাৰ কৰি বিজনী থানাৰ লৈ আহে । চোৰ দুজনৰ পৰা AS 01X 5941 নম্বৰৰ পাল্চাৰ বাইক,২টা মোবাইল জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে কলিম উদ্দিন শ্বেখ আৰু আজগৰ আলীৰ ঘৰ বিজনী থানাৰ অন্তৰ্গত দুতুৰীত বুলি জানিব দিয়ে আৰক্ষীয়ে।